জনসমুদ্ৰত পৰিণত শক্তিপীঠ বুঢ়ীগোসাঁনী দেৱালয় - জাগ্ৰত শক্তি পীঠ বুঢ়ীগোসাঁনী দেৱালয়
আজি মহাষ্টমী (Maha Ashtami 2022)। আজি অষ্টমীৰ দিনা অসমৰ অন্যতম জাগ্ৰত শক্তি পীঠ যোৰহাট নগৰৰ মাজমজিয়াত অৱস্থিত বুঢ়ীগোসাঁনী দেৱালয়ত পুৱাৰ পৰাই মাৰ আশীষ ল'বলৈ ভক্তপ্ৰাণ ৰাইজে ব্যাপক হাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে । আহোম ৰজা ৰুদ্ৰসিংহৰ দিনতে এই দেৱালয়খনত মা'ক প্ৰতিষ্ঠা কৰা হৈছিল (Durga Puja Celebrates in Assam)। তেতিয়াৰে পৰাই ইয়াত পূজা অৰ্চনা চলি আহিছে । জনবিশ্বাস অনুসৰি জাগ্ৰত শক্তি পীঠ বুঢ়ীগোসাঁনী দেৱালয়ত ভক্তসকলে পৱিত্ৰ মনোকামনা কৰি মাৰ চৰণত ধূপ, চাকি, নৈবদ্য আগবঢ়ালে মনোকামণা পূৰণ হয় । উল্লেখ্য এই দেৱালয়লৈ মাৰ আশীষ ল’বলৈ দেশ-বিদেশ পৰাও ভক্তপ্ৰাণ লোক অহা পৰিলক্ষিত হয় । আজি অষ্টমীৰ দিনা বুঢ়ীগোসাঁনী দেৱালয়ত ছাগলী বলি দিয়া হয় । পূৰ্বতে এই জাগ্ৰত দেৱালয়ত মহ বলি দিয়াৰ প্ৰথা আছিল যদিও কালক্ৰমত মহ বলি প্ৰথা আঁতৰাই দিয়া হয় ।
Last Updated : Oct 3, 2022, 1:12 PM IST