স্বাস্থ্যজনিত কাৰণত আদালতত উপস্থিত নহ’ল ডাঃ সেউজ সেনাপতি
হোজাই জিলাৰ ফুলতলীস্থিত ক’ভিড কেয়াৰ চেণ্টাৰত এগৰাকী ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি মৃতকৰ আত্মীয়ই চিকিৎসকক নিৰ্মমভাৱে প্ৰহাৰ কৰা ঘটনাই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য ৷ ৰাজ্য কপাই যোৱা উদালী ফুলতলি নাৰকীয় কাণ্ডৰ বলি হৈছিল সেউজ সেনাপতি নামৰ চিকিৎসকজন ৷ সম্প্ৰতি সমগ্ৰ বিষয়টো হোজাই শংকৰদেৱ নগৰ আদালতত বিচাৰাধীন হৈ আছে ৷ বুধবাৰে শংকৰদেৱ নগৰ আদালতত সাক্ষ্য দান কৰাৰ কথা আছিল ডাঃ সেউজ সেনাপতিৰ । কিন্তু স্বাস্থ্যজনিত কাৰণত ডাঃ সেউজ সেনাপতি আদালতত হাজিৰ কৰা নহয় বুলি জানিবলৈ দিয়ে চৰকাৰী অধিবক্তা অমৰ জ্যোতি শইকীয়াই ৷