অসম

assam

ETV Bharat / videos

টিংখাঙত চেনিটাইজেশ্যন কৰিলে জিলা প্ৰশাসনে

By

Published : May 23, 2021, 1:41 PM IST

ক'ভিডৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশৰ লগতে অসমতো এক ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰিছে ৷ আন আন জিলাৰ ডিব্ৰুগড় জিলাটো দ্ৰুতগতিত বৃদ্ধি পাব ধৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যা ৷ তাৰ ফল স্বৰূপে ক'ভিড-19ৰ সংক্ৰমণ ৰোধৰ বাবে টিংখাঙৰ চিকিৎসালয়,ব্যৱসায় বাণিজ্যিক প্ৰতিষ্ঠান সমূহত চেনিটাইজেশ্যনৰ ব্যৱস্থা গ্ৰহণ কৰিছে ডিব্ৰুগড় জিলা প্ৰশাসনে। শনিবাৰে জিলা প্ৰশাসনে অগ্নি নিৰ্বাপক বাহিনীৰ বাহনেৰে ৰাজগড় শ্বহীদ বেদীৰ পৰা সমগ্ৰ ৰাজগড়, টিংখাং, ৰাজগড় আৰক্ষী চকী আৰু টিংখাং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চেনিটাইজেশ্যন কৰাৰ লগতে চাহ বাগিচা সমূহটো বাগিচা কৰ্তৃপক্ষক চেনিটাইজেশ্যন কৰাৰ বাবে নিৰ্দেশ প্ৰেৰণ কৰে ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে।

ABOUT THE AUTHOR

...view details