তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাক লৈ যাৱতীয় প্ৰস্তুতি সম্পন্ন মাজুলী জিলা প্ৰশাসনৰ - তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে বৃহৎ নিযুক্তি পৰীক্ষা
৩০ হাজাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে বৃহৎ নিযুক্তিৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ (Government preparing to conduct major recruitment examination in Assam)৷ অহা ২১ আগষ্ট আৰু ২৮ আগষ্টত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব চতুৰ্থ আৰু তৃতীয় বৰ্গৰ পদৰ নিযুক্তি পৰীক্ষা । সমগ্ৰ অসমৰ লগতে মাজুলী জিলাতো ১৯ টা কেন্দ্ৰত অনুষ্ঠিত হ'বলগীয়া এই পৰীক্ষা নিখুঁতভাবে অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসনে সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । অহা ২১ তাৰিখে ৬,৩৯৬ গৰাকী আৰু অহা ২৮ আগষ্ট তাৰিখে ৮,৬১১ গৰাকী পৰীক্ষাৰ্থী জিলাখনৰ ১৯ টা পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হ’ব । জিলাখনত বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাৰ বাবে ইতিমধ্যে তিনিটা পৰ্য্যায়ত নিৰীক্ষকসকলক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে । ইফালে জিলা প্ৰশাসনৰ সকলো নীতি-নিৰ্দেশনা মানি পৰীক্ষা পাতিবলৈ সাজু হৈ উঠিছে পৰীক্ষা কেন্দ্ৰসমূহ ।
TAGGED:
recruitment examination