Free medicine distribution: বিহপুৰীয়াত বিনামূলীয়াকৈ ঔষধ বিতৰণ
বান গ’লেও সমস্যাৰ অন্ত পৰা নাই বানাক্ৰান্তৰ । সম্প্ৰতি এই অঞ্চলসমূহৰ ৰাইজৰ মাজত বিভিন্ন বেমাৰ আজাৰে দেখা দিছে । লখিমপুৰ জিলাৰ বিহপুৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বাঁহগড়া ধুনাগুৰিৰ এক বিস্তৃত অঞ্চল পূৰ্বৰ দৰে এইবাৰো সোৱণশিৰিৰ বানে প্লাবিত কৰিছিল । অঞ্চলটোত এনেধৰণৰ বেমাৰ-আজাৰ পৰা হাত সাৰিবলৈ তথা বানৰ পিছত ল’ব লগা সজাগতা সন্দৰ্ভত নিৰাময় নামৰ এটি চচিয়েল ট্ৰাষ্টে অক্সিজেন বেংক লখিমপুৰ আৰু বিহপুৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত এখন সজাগতা সভা অনুষ্ঠিত কৰে ৷ লগতে স্থানীয় লোক সকলৰ মাজত বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰে সংস্থাটোৱে । এই সভাতেই বহু লোকে মৰণোত্তৰভাৱে নেত্ৰদানৰ ইচ্ছাপত্ৰত স্বাক্ষৰ প্ৰদানো কৰে ৷