৫৮৯ নম্বৰেৰে নৱম স্থান দখল কৰিলে ডিব্ৰুগড়ৰ ছল্টব্ৰুক স্কুলৰ ছাত্ৰ ধৃতীস্মান দত্তই - হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল
আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ (HSLC Exam 2022 ) ফলাফলত ডিব্ৰুগড়ৰ চাৰিজনকৈ ছাত্ৰ-ছাত্ৰীয়ে ৰাজ্যৰ ভিতৰত স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় । ইয়াৰ মাজৰ নৱম স্থান দখল কৰি ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়াই আনিলে ছল্টব্ৰুক স্কুলৰ ছাত্ৰ ধৃতীস্মান দত্তই (Dhritishman Dutta from Dibrugarh secure 9th rank in hslc exam 2022) ৷ ডাঃ ৰাজীৱ দত্ত আৰু ড৹ তুলিকা তামুলীৰ পুত্ৰ ধৃতীস্মান দত্তই ভৱিষ্যতে এগৰাকী অভিযন্তা হোৱাৰ সপোন পুহি ৰাখিছে ৷ আজৰি সময়ত গীটাৰ বজাই, ডবা খেলি ভাল পাই ধৃতীস্মান দত্তই ৷ দৈনিক ১২ ৰ পৰা ১৩ ঘন্টা অধ্যয়ন কৰা ধৃতীস্মানে লাভ কৰিছে মুঠ ৫৮৯ নম্বৰ ৷