নতুন ৰাজনৈতিক দল গঠনে ভবিষ্যতে চৰকাৰ গঠনত সুদৰ প্ৰসাৰী প্ৰভাৱ পেলাব : বিধায়ক আমিনুল ইছলাম
হিন্দু মুছলমানৰ মাজত সংঘাত সৃষ্টি কৰিব বিচাৰিছে হিমন্ত বিশ্ব শর্মাই এই মন্তব্য ধিঙত বিধায়ক আমিনুল ইছলামৰ । মন্ত্ৰী হিমন্ত বিশ্বই কৰা বিতৰ্কিত মন্তব্যক লৈ তীব্ৰ বিৰোধীতা আমিনুলৰ । লগতে বিজেপিৰ বিৰুদ্ধে নতুন ৰাজনৈতিক দল গঠনে ভবিষ্যতে চৰকাৰ গঠনত সুদৰ প্ৰসাৰী প্ৰভাৱ পেলাব বুলি মন্তব্য বিধায়ক আমিনুল ইছলামৰ৷ ধিং, ৰূপহী, জনীয়া আৰু বাগবৰ সমষ্টিত 'কা' বিৰুদ্ধে প্ৰতিবাদ হোৱা নাই বুলি কৰা মন্তব্যক দেওবাৰে সংবাদ মেল পাতি তীব্র ভাষাৰে সমালোচনা কৰে ধিঙৰ বিধায়ক আমিনুল ইছলামে । কিছুদিনৰ পৰা ড' হিমন্ত বিশ্ব শৰ্মাই বহু মিছা বক্তব্যৰে অসম বাসীক বিভ্ৰান্ত কৰিব বিচাৰিছে, বিজেপি দলে অসমৰ উন্নয়নত ব্যৰ্থ হৈছে দেশৰ জিডিপি পি বহু তললৈ নামিছে, বিজেপি দলৰ মন্ত্ৰী হিমন্ত বিশ্ব শর্মাই হিন্দু মুছলমানৰ লগত সংঘাত সৃষ্টি কৰি ক্ষমতাত থাকিব বিচাৰিছে আদি মন্তব্য কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপি দলৰ তীব্ৰ গৰিহণা দিয়ে বিধায়ক আমিনুল ইছলামে ৷ ভাৰতবৰ্ষ ভিক্ষাৰী হৈছে, দেশ চম্ভালিবলৈ ব্যৰ্থ হৈছে বিজেপি চৰকাৰ । সেইহে দেশৰ অৰ্থনীতি পিছপৰি গৈছে । ইফালে নতুন ৰাজনৈতিক দলে ভবিষ্যতে চৰকাৰ গঠনত সুদৰ প্ৰসাৰী প্ৰভাৱ পেলাব বুলিও মন্তব্য কৰে বিধায়ক ইছলামে । ইফালে, অগপ দলেও মন্ত্ৰীত্বৰ লোভত বিজেপি আগত নেঙুৰ পেলাই নিজৰ দলটো ধ্বংসৰ দিশে ঠেলি দিছে বুলি কয় বিধায়ক আমিনুলে ।