ধেমাজি জিলাৰ ৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে হাফ মাৰাথান প্ৰতিযোগিতা - ধেমাজি জিলাৰ ৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱস
১৯৮৯ চনৰ ১ অক্টোবৰ - এই ঐতিহাসিক দিনটোতে অসমৰ মানচিত্ৰত জিলা হিচাপে সংযোজন হৈছিল ধেমাজি ৷ আজি সম্পূৰ্ণ হ’ল জিলা গঠনৰ ৩৪ টা বছৰ (34th Foundation Day of Dhemaji District) ৷ জিলা গঠণৰ 33 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ধেমাজিত প্ৰথমবাৰৰ বাবে দিনজোৰা কাৰ্যসূচীৰে জিলা প্ৰশাসনে আয়োজন কৰিছে জিলা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী (Dhemaji District foundation Day programme) ৷ প্ৰতিষ্ঠা দিৱস উপলক্ষে জিলা প্ৰশাসনৰ উদ্যোগত পুৱা ৪.৩০ বজাত মাৰাথন দৌৰ প্ৰতিযোগিতাৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । সহস্ৰাধিক পুৰুষ-মহিলা, ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা মাৰাথন দৌৰ প্ৰতিযোগিতাখনি জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ লগতে প্ৰশাসনৰ অন্যান্য বিষয়ববীয়াৰ উপস্থিতিত ফ্লেগ অফ কৰে স্থানীয় সাংসদ প্ৰদান বৰুৱাই ৷ এই অৰ্ধ মাৰাথন দৌৰ প্ৰতিযোগিতাৰ প্ৰথম তিনিগৰাকী বিজয়ী প্ৰতিযোগীক নগদ ১৫,০০০, ১০,০০০ আৰু ৫০০০ টকাৰে পুৰস্কৃত কৰিব প্ৰশাসনে ৷ বৰদলনি উন্নয়ন খণ্ডৰ তিনিআলিত আৰম্ভ কৰা এই দৌৰ ধেমাজি কাছাৰী ময়দানত সামৰণি পৰে ৷