অসম

assam

By

Published : Jun 2, 2021, 4:07 PM IST

ETV Bharat / videos

লংকাত চিকিৎসকক আক্ৰমণ সন্দৰ্ভত কি ক’লে আৰক্ষী সঞ্চালক প্ৰধানে ?

হোজাই জিলাৰ লংকাত মঙলবাৰে সংঘটিত হোৱা চিকিৎসকক আক্ৰমণৰ ঘটনাই এতিয়া তোলপাৰ লগাইছে ৰাজ্যৰ লগতে সমগ্ৰ দেশ ৷ লংকাৰ হাস্পতালত ৰোগীসকলৰ স্বাস্থ্যৰ বুজ ল’বলৈ যোৱাৰ সময়তে ৰোগীসকলে অমানৱীয়ভাৱে আক্ৰমণ কৰে চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিক ৷ ঘটনাৰ পাচতেই জীৱনৰ নিৰাপত্তাক লৈ এতিয়া শংকাত ভুগিছে আন চিকিৎসকলেও ৷ ঘটনাৰ উচিত তদন্ত বিচাৰি ঠায়ে ঠায়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে স্থানীয় ৰাইজৰ লগতে দল-সংগঠন আৰু চিকিৎসকসকলে ৷ ইফালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আক্ৰমণকাৰীসকলক শীঘ্ৰেই গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়াৰ পাচত মঙলবাৰে নিশাই হোজাই আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় 24 জনকৈ অভিযুক্তক । আনহাতে বুধবাৰে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ৷ ঘটনাৰ তদন্ত সন্দৰ্ভত শুনক কি কয় আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে...

ABOUT THE AUTHOR

...view details