অসম

assam

ETV Bharat / videos

বন সংণ্ডল বিষয়াৰ আক্ৰমণত আহত বনকৰ্মী - ফৰেষ্ট গাৰ্ডক শাৰীৰিকভাৱে আক্ৰমণ

By

Published : Sep 8, 2022, 8:47 PM IST

ডুমডুমাৰ বন সংমণ্ডল বিষয়া ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতীৰ বিৰুদ্ধে উত্থাপন হৈছে বিস্ফোৰক অভিযোগ (Allegation against Doom Dooma DFO)। এগৰাকী ফৰেষ্ট গাৰ্ডক শাৰীৰিকভাৱে আক্ৰমণৰ অভিযোগ বন সংমণ্ডল বিষয়াগৰাকীৰ বিৰুদ্ধে (DFO allegedly beat forest guard)৷ এই অভিযোগ উঠাৰ পিছতে সমগ্ৰ ডুমডুমাতে সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ‌ । ফৰেষ্ট গাৰ্ড হিচাপে কৰ্মৰত হেমকান্ত হাতীমুৰীয়া নামৰ এগৰাকী কৰ্মচাৰীক বন বিষয়া ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতীয়ে বেয়াকৈ মাৰ-পিট কৰাৰ লগতে কৰ্মচাৰী গৰাকীৰ পোচাকো ফালি পেলোৱাৰ অভিযোগ উত্থাপিত হৈছে (Doom Dooma DFO controversy)। আনকি বন বিষয়া জনৰ আক্ৰমণত হেমকান্ত হাতীমুৰীয়াই এটা চকুত আঘাত পোৱা বুলিও অভিযোগ তুলিছে । আঘাতপ্ৰাপ্ত হেমকান্ত হাতীমুৰীয়া নাজিৰাটিং 2 নং টকনী বিটৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে । ডুমডুমা বন সংমণ্ডল বিষয়াগৰাকীৰ এনে কাৰ্যৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে স্থানীয় দল সংগঠনে । ডুমডুমা বন সংমণ্ডলৰ এইগৰাকী বিষয়া ৰাজেন্দ্ৰ প্ৰসাদ ভাৰতীৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও এনেধৰণৰ ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছিল ।

ABOUT THE AUTHOR

...view details