অসম

assam

By

Published : May 16, 2021, 10:34 AM IST

ETV Bharat / videos

এঘাৰমাইলৰ অগ্নিকাণ্ডত জাহ গ'ল 7 খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান

শনিবাৰে নিশা নগাঁৱৰ এঘাৰমাইলত সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ডত নিমিষতে ছাই হৈ গ'ল সাতখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ৷ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷ অগ্নিকাণ্ডত কামপুৰ আৰু নগাঁও অগ্নিনিৰ্বাপক বাহিনীৰ সাতখনকৈ বাহন উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰে ৷ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, অগ্নিকাণ্ডটো ইমানেই ভয়ংকৰ আছিল যে চাৰিঘন্টা যোৰা চেষ্টাৰ পাচতহে জুই নিৰ্বাপিত হয় ৷ জুইৰ লেলিহান শিখাই নিমিষতে ছাই কৰি পেলোৱা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ ভিতৰত আছিল টিম্বাৰ, ডিপু, গেলামাল, কাপোৰ, ফাৰ্মাচী, হাৰ্ডৱেৰ আৰু কচমেটিকচৰ প্ৰতিষ্ঠান ৷ এই অগ্নিকাণ্ডত প্ৰায় কোটি টকাৰ সা-সামগ্ৰী জুই জাহ যায় ৷ ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ বাহন পলমকৈ উপস্থিত হোৱাত এক উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হয় ৷

ABOUT THE AUTHOR

...view details