কমলপুৰত বিধ্বংসী অগ্নিকাণ্ড - Devastating Fire in Baihata
বাইহাটাৰ কমলপুৰত বিধ্বংসী অগ্নিকাণ্ড । কমলপুৰৰ আল্টাত নিৰ্মীয়মান অৱস্থাত থকা এটা উদ্যোগত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড । ওৱেলডিং মেচিনৰ পৰা ওলোৱা জুইৰ পৰা এই অগ্নিকাণ্ডৰ সূত্ৰপাতৰ আশংকা কৰিছে স্থানীয় লোকে । সম্প্ৰতি উদ্যোগটোৰ পৰা নিৰ্গত ক'লা ধোৱাই আৱৰি ধৰিছে সমগ্ৰ অঞ্চলটো ৷ দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে যদিও সম্পূৰ্ণৰূপে সফল হোৱা নাই ৷ এই বিধ্বংসী অগ্নিকাণ্ডত কেইবাকোটি টকাৰ সা-সম্পত্তিৰ লোকচান হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় লোকসকলে ৷