News of Digboi Forest Division: ধ্বংসৰ গৰাহত ডিগবৈ বন-সংমণ্ডলৰ বনাঞ্চল - ডিগবৈ বন সংমণ্ডল
ধ্বংসৰ গৰাহত ডিগবৈ বন সংমণ্ডল(Digboi forest division)৷ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবে এচাম দুষ্ট প্ৰকৃতিৰ লোকে অবাধ হাৰত বনাঞ্চলৰ ধ্বংসযজ্ঞ চলাই যোৱাৰ সমান্তৰালভাৱে ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত খেৰজান বন সংমণ্ডল(Kherjan Forest Village)তো অবাধে চলাইছে বনাঞ্চল ধ্বংস ৷ ডিগবৈৰ একাংশ সংবাদকৰ্মী আৰু সদৌ অসম ছাত্ৰ সন্থাৰ এটি সজাতি দলে সোমবাৰে ডিগবৈৰ খেৰজান বনাঞ্চল পৰিদৰ্শন কৰে ৷ পৰিদৰ্শন কালত সংৰক্ষিত বনাঞ্চলখনৰ ভিতৰ ভাগত বনদস্যুৱে বহু মূল্যৱান চপা, লাল, শোলোং, শাল, চেগুণ, শিলিখা, গমাৰিকে আদি কৰি মূল্যৱান গছ কাটি খেলপথাৰ সদৃশ পৰিৱেশলৈ সৃষ্টি কৰাক লৈ আছুৰ কেন্দ্ৰীয় কাৰ্যনিবাহক সদস্য নিখিল কোঁচে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে ৷