ৰঙিয়াৰ বানাক্ৰান্তৰ কাষত জনপ্ৰিয় কণ্ঠশিল্পী দ্বীপলিনা ডেকা - Deeplina Deka visits flood affected area of Rangia
ৰঙিয়াৰ বানাক্ৰান্তৰ কাষত উপস্থিত হ'ল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দ্বীপলিনা ডেকা (Singer Deeplina Deka)। বান বিধ্বস্ত ৰঙিয়াৰ বান পৰিস্থিতিৰ বুজ ললে জনপ্ৰিয় গায়িকাগৰাকীয়ে (Flood in Rangiya) । বানে জুৰুলা কৰা লোকসকলৰ লগত দুখৰ সমভাগী হৈ বন্যাৰ্তসকলৰ হাতত তুলি দিয়ে কিছু খাদ্য-সামগ্ৰী । শিল্পীগৰাকীৰ এই কাৰ্যসূচীত ৰঙিয়াৰ উদয়ন সংঘৰ কৰ্ম-কৰ্তাসকলেও সহযোগ আগবঢ়ায় (Deeplina Deka visits flood affected area) । বানত বিধস্ত লোকসকলৰ অৱস্থাৰ বুজ লৈ থকাৰ সময়তে এগৰাকী আইতাই হুক-হুকাই কন্দাৰ দৃশ্যই সকলোৰে চকুলো সেমেকাই তোলে । দুৰ্দশাৰ দিনত ৰাইজৰ মাজত উপস্থিত হৈ শিল্পীগৰাকীয়ে এইদৰে খবৰ লোৱাত সন্তোষ প্ৰকাশ কৰে বানাক্ৰান্তসকলে ।