কলগাছিয়াত আঠদফীয়া দাবীত চি পি আই এমৰ বিক্ষোভ - বানত গৃহহীন হোৱা পৰিয়াল
চি পি আই এম অসম ৰাজ্যিক কমিটিয়ে বুধবাৰে ৰাজ্যজুৰি গণ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰে(CPIM protest at kalgachia) ৷ ইয়াৰে অংশ হিচাপে চি পি আই এমৰ কলগাছিয়া আৰু তিতাপানী আঞ্চলিক কমিটিৰ যৌথ উদ্যোগত কলগাছিয়া ৰাজহ চক্ৰ কাৰ্যালয়তো বৃহৎ বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ প্ৰতিবাদকাৰীসকলে দলৰ চাৰিআলিস্থিত কাৰ্যালয়ৰ পৰা চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ এক বিশাল সমদল বাহিৰ কৰে ৷ তেওঁলোকে বানত গৃহহীন হোৱা পৰিয়ালক তিনিলাখকৈ টকা আদায় দিয়া, পুখুৰী বুৰ যোৱা খেতিয়কক বিঘাই প্ৰতি ২৫ হাজাৰ কৈ টকা আদায় দিয়া, বান বিধ্বস্ত মথাউৰী, ৰাস্তা, দলং শীঘ্ৰে মেৰামতি কৰাকে ধৰি আঠ দফীয়া দাবীত চৌদিশ উত্তাল কৰি তোলে ৷ তেওঁলোকে বানত ক্ষতিগ্ৰস্ত হোৱা সাত শতাধিক পৰিয়ালৰ তালিকাসহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে(CPIM memorandum sent to cm) ।