অসম

assam

অগ্নিপথ আঁচনি বাতিলৰ দাবীত বিলাসীপাৰাত কংগ্ৰেছৰ প্ৰতিবাদ

By

Published : Jun 27, 2022, 9:00 PM IST

Published : Jun 27, 2022, 9:00 PM IST

সোমবাৰে বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত সোনামুখী বজাৰত শ শ কংগ্ৰেছ নেতা-কৰ্মীয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷ 'অগ্নিপথ' আঁচনি বাতিলৰ দাবীত কংগ্ৰেছ নেতা কৰ্মীয়ে শান্তিপূৰ্ণ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰে(Congress to protest against Agnipath scheme in Bilasipara) । বিলাসীপাৰা পূব বিধানসভা সমষ্টিৰ চাপৰ-শালকোচা আৰু বিলাসীপাৰা ব্লক কংগ্ৰেছৰ উদ্যোগত পালন কৰা উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক অমৃত বাদশ্বাহৰ লগতে শ শ কংগ্ৰেছ কৰ্মীয়ে । প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছ নেতা কৰ্মীয়ে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details