Oil Smuggling at Duliajan: দুলীয়াজানৰ নাওশলীয়াত বৃহৎ পৰিমাণৰ চোৰাং কণ্ডেনচেট তেল জব্দ - দুলীয়াজানৰ নাওশলীয়াত বৃহৎ পৰিমাণৰ চোৰাং কণ্ডেনচেট তেল জব্দ
দুলীয়াজানৰ নাওশলীয়াত অইলৰ কণ্ডেনচেট তেল জব্দ । নাওশলীয়াৰ জালিয়াবস্তি অঞ্চলত বুধবাৰে নিশা AS04 AC 2532 নম্বৰৰ এখন অটো দুৰ্ঘটনাত পতিত হয় । ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পাছতেই দুৰ্ঘটনাগ্ৰস্ত অটোখনৰ পৰা অইল ইণ্ডিয়া লিমিটেডৰ চোৰাং কণ্ডেনচেট ভৰ্তি কেইবাটাও ড্ৰাম জব্দ কৰিবলৈ সক্ষম হয় । ইফালে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতেই অটোখন দুৰ্ঘটনা পতিত হয় বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে । ঘটনাস্থলীৰ পৰা পলায়ন কৰা অটোখনৰ চালকক আৰক্ষীয়ে আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছে যদিও এইপৰ্যন্ত আটক কৰিবলৈ সক্ষম হোৱা নাই । উল্লেখ্য যে আৰক্ষীৰ তৎপৰতা মাজতে দুলীয়াজানত চোৰাং তেলৰ বেপাৰৰ এটা চক্ৰ চলাই আহিছিল(Condensate oil theft racket at Duliajan) । দুটা দিনৰ পূৰ্বে দুলীয়াজান আৰক্ষীয়ে গাড়ীসহ জব্দ কৰিছিল চোৰাং তেল ।