অসম

assam

ETV Bharat / videos

Protests in Lakhimpur: লখিমপুৰত সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ প্ৰতিবাদ - সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ প্ৰতিবাদ

By

Published : Jul 11, 2022, 2:27 PM IST

সোমবাৰে লখিমপুৰত সুলভ মূল্যৰ ব্যৱসায়ী সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে(Co-operative Traders Association protests) ৷ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অত্যাৱশ্যকীয় সামগ্ৰীসমূহ সুলভ মূল্যৰ ব্যৱসায়ীৰ জৰিয়তে বিতৰণৰ ব্যৱস্থা কৰা, কমিচন বৃদ্ধি কৰা, সুলভ মূল্যৰ ব্যৱসায়ীৰ জৰিয়তে চেনী বিতৰণৰ ব্যৱস্থা কৰা, চৰকাৰৰ ঘোষণা মতে ৫০ হেজাৰ ইনকম গেৰাণ্টি মুকলি কৰি দিয়া আদি কেইবাটাও দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ লগতে তেওঁলোকৰ দাবীসমূহ পূৰণৰ বাবে উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে । এই দাবীসমূহ পূৰণ নহলে ৰাজ্যৰ উপৰি দিল্লীতো পাৰ্লিয়ামেন্ট ঘেৰাও কৰাৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে সন্থাটোৱে ৷

ABOUT THE AUTHOR

...view details