CM Vigilance team at Bodoland University: বড়োলেণ্ড বিশ্ববিদ্যালয়ত মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চ দল - কোকৰাঝাৰত অৱস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়
কোকৰাঝাৰত অৱস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ত মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চৰ চাৰিজনীয়া দল এটা উপস্থিত হৈ ৬ টাকৈ বিভিন্ন বিষয়ৰ ফাইল জব্দ কৰা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে(CM Vigilance team at Bodoland University) । প্ৰাপ্ত তথ্য মতে, বড়োলেণ্ড বিশ্ববিদ্যালয়ত মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চৰ দলটো উপস্থিত হৈ কোনোধৰণৰ নিবিদা অবিহনে বিশ্ববিদ্যালয়ৰ উন্নয়নমূলক কাম-কাজ যেনে চাইকেল শ্বেড, ড্ৰেইন, কালভাৰ্ট নিৰ্মাণ কৰা, এগৰাকী ছাত্ৰীয়ে সাক্ষাৎকাৰ বা পৰীক্ষা নিদিয়াকৈ বক্ৰপথেৰে পিএইচডিত নামভৰ্তি কৰা, এগৰাকী বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীক নিলম্বন সন্দৰ্ভত আৰু ফাইনেঞ্চ বিষয়াৰ ওপৰত তদন্তৰ বাবে মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চৰ দলটোৱে বিশ্ববিদ্যালয়খনত উপস্থিত হৈ তদন্ত কৰে আৰু ছটাকৈ বিভিন্ন বিষয়ৰ ফাইল জব্দ কৰে । উল্লেখ্য যে বুধবাৰৰে পৰা বড়োলেণ্ড বিশ্ববিদ্যালয়ত চিএম ভিজিলেঞ্চৰ এটা দলে অভিযান অব্যাহত ৰখা বুলি জানিব পৰা গৈছে ৷ উক্ত ঘটনাটোৱে বিশ্ববিদ্যালয়ৰ ভিতৰচৰাত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।