অ’এনজিচিৰ তিনি বিষয়াৰ অপহৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া - আলফা স্বাধীন
অ’এনজিচিৰ তিনি বিষয়াৰ অপহৰণৰ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৷ শনিবাৰে মাজুলীত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ইতিমধ্যে তদন্তৰ সকলো কাম কৰা হৈছে ৷ আলফা স্বাধীনৰ প্ৰেছ বিবৃতিৰ পাচতে ৰিতুল শইকীয়াৰ ক্ষেত্ৰতো তদন্ত তীব্ৰতৰ কৰাৰ লগতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা তৎপৰতাৰে উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে বুলিও প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷