অসম-মৰাণ মহিলা পৰিষদৰ অধিৱেশনত সৰ্বানন্দ সোণোৱাল - ডিগবৈ
শনিবাৰে অসম-মৰাণ মহিলা পৰিষদৰ ঊনবিংশতম দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । তিনিচুকীয়া জিলাৰ ডিগবৈ সমীপৰ টিংৰাই ৰাজহুৱা প্ৰেক্ষাগৃহত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই অধিৱেশন । ৩১মে'ৰ পৰা আৰম্ভ হোৱা এই অধিৱেশনৰ দ্বিতীয় দিনা অৰ্থাৎ শনিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে । অধিবেশনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভূমিপুত্ৰ মৰাণসকলক আগবঢ়াই নিবলৈ ৰাজ্য চৰকাৰৰ গুৰু দায়িত্ব আছে বুলি মন্তব্য কৰি মৰাণসকলৰ বীৰ-বীৰঙ্গনাসকলৰ আদৰ্শ ধৰি ৰাখিবলৈ প্ৰতিমূৰ্তি নিৰ্মাণৰ কামো চৰকাৰে হাতত লোৱা বুলি উল্লেখ কৰে ।