অসম

assam

ETV Bharat / videos

ৰাজনৈতিক বৈৰী নহয় পুনৰ এবাৰ কটনৰ অগ্ৰজ-অনুজৰ ৰূপত অখিল-হিমন্ত - বিৰল মূহুৰ্তৰ সাক্ষী হ’ল শিৱসাগৰ

By

Published : May 2, 2022, 3:58 PM IST

অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এক বিৰল মূহুৰ্তৰ সাক্ষী হ’ল শিৱসাগৰবাসী ৷ কটন কলেজৰ ছাত্ৰ ৰাজনীতিৰ দিনৰ পৰাই সদায় বিপৰীত মেৰুত অৱস্থান কৰি ৰাজনীতি কৰি অহা অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈক সোমবাৰে একেলগে দেখা গ’ল ৰংঘৰৰ বাকৰিত (CM Himanta comes with Akhil Gogoi in Sivsagar) ৷ সোমবাৰৰ দিনটোত আয়ুষ মন্ত্ৰণালয়ৰ দ্বাৰা আয়োজিত শিৱসাগৰৰ যোগ উৎসৱত অংশগ্ৰহণ কৰিবলৈ যোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰংঘৰৰ বাকৰি পৰিদৰ্শন কৰে (CM Himanta visits Sivsagar)। ইয়াৰ পিছতে বিধায়ক অখিল গগৈৰ সৈতে একেলগে অৱস্থান কৰি শিৱসাগৰৰ উন্নয়ণৰ বাবে লোৱা কেতবোৰ সিদ্ধান্তৰ কথা ৰাজহুৱা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ যাবৰ সময়ত, অখিল মই গৈ থাকো বুলি শিৱসাগৰৰ বিধায়ক গৰাকীক সাদৰেৰে মাত এষাৰ দি যোৱা মুখ্যমন্ত্ৰীকো দাদা সম্বোধনেৰে ধন্যবাদ দিয়াৰ লগতে প্ৰশংসাৰে ওপচাই পেলোৱা দেখা গ’ল বিধায়ক গৰাকীক ৷ এই দৃশ্যকলৈ এতিয়া সমগ্ৰ ৰাজ্যতে চলিছে ব্যাপক চৰ্চা ৷ এক কথাত কটন কলেজৰ অগ্ৰজ-অনুজৰ ৰূপত পুনৰবাৰ দেখা গ’ল অখিল গগৈ আৰু ড৹ হিমন্ত বিশ্ব শৰ্মাক ৷

ABOUT THE AUTHOR

...view details