চতিয়াত চাহ বাগিছাৰ আদৰ্শ হাইস্কুলৰ শুভ উদ্ধোধন মুখ্যমন্ত্ৰীৰ - চতিয়া সমষ্টিৰ অন্তৰ্গত গেলা হাটিঙা
বৃহস্পতিবাৰে চতিয়া সমষ্টিৰ অন্তৰ্গত গেলা হাটিঙাৰ আদৰ্শ মডেল হাইস্কুলৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(Assam CM inaugurates newly constructed school at Sootea ) ৷ মুখ্যমন্ত্ৰীৰ এই কাৰ্যত সংগ দিয়ে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, সাংসদ পল্লৱ লোচন দাস আৰু বিধায়ক প্ৰমোদ বৰঠাকুৰে ৷ ইফালে, বিদ্যালয়খনৰ উদ্বোধন কৰি ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মিলি মুখ্যমন্ত্ৰীগৰাকীয়ে এটিকৈ গছপুলি ৰোপণ কৰে ৷ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে একেলগে মধ্যাহ্ন ভোজনৰ সোৱাদ ল’লে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে, ৰাজ্যৰ ৯৬ খন চাহ বাগিছা এলেকাত নৱনিৰ্মিত এই আদৰ্শ বিদ্যালয় কেইখনত এই পৰ্যন্ত ১৪,৫৯৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নাম ভৰ্তি কৰিছে ।