Tragic incident in Duliajan: দুলীয়াজানত পুখুৰীত পৰি তিনিবছৰীয়া শিশুৰ কৰুণ মৃত্যু - Tragic incident in Duliajan
দুলীয়াজানত সংঘটিত এক শোকাৱহ ঘটনা(Tragic incident in Duliajan) । পুখুৰীত পৰি তিনিবছৰীয়া শিশুৰ কৰুণ মৃত্যু । জানিব পৰা মতে, পিতৃ বজাৰলৈ আৰু মাতৃ ঘৰৰ কামত ব্যস্ত থকা সময়তে ঘৰৰ পাছফালৰ পুখুৰীত পৰি মৃত্যু হয় শিশুটিৰ(Child dies after drowning in pond) । দুলীয়াজান বৰুৱা তিনিআলিৰ উদয়পুৰত সংঘটিত হৈছে এই ঘটনা । উক্ত অঞ্চলৰ খেতিয়ক ধ্ৰুৱ ছেত্ৰী আৰু নিৰ্মলা ছেত্ৰীৰ একমাত্ৰ পুত্ৰ আছিল ৰোহন ছেত্ৰী । শিশুটিৰ মৃত্যুত বৃহত্তৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে । ইফালে নিজৰ সন্তানক অকলশৰে এৰি কেতিয়াও কোনোধৰণৰ কাম যাতে নকৰে ঘটনাস্থলীৰ পৰাই কাতৰ অনুৰোধ জনাইছে স্থানীয় ৰাইজে ।