অসম

assam

HS final result 2022: অধ্যাপক হোৱাৰ সপোন চাবুৱাৰ চয়নিকা দাসৰ

By

Published : Jun 27, 2022, 4:26 PM IST

অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ(HS final result 2022) মনোবিজ্ঞান বিষয়ত ৰাজ্যৰ ভিতৰতে প্ৰথমস্থান লাভ কৰি চাবুৱালৈ গৌৰৱ কঢ়িয়াই আনিলে চয়নিকা দাসে(Chayanika Das got highest mark in psychology subject) ৷ ডিব্ৰুগড় ছল্টব্ৰুক একাডেমিত অধ্যয়নৰত আছিল ছাত্ৰী চয়নিকা দাস । চয়নিকাৰ এই সফলতাত উৎফুল্লিত পিতৃ দেহন দাস আৰু মাতৃ জোনমণি দাস ৷ বৰ্তমান থানাই চাহ বাগিছাত অৱস্থিত বাসগৃহত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে । ৬ টা বিষয়ত লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ চয়নিকাই অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ মনোবিজ্ঞান বিষয়ত ৯৮ নম্বৰ পোৱাৰ লগতে সৰ্বমুঠ ৪৫৩ নম্বৰ পাবলৈ সক্ষম হৈছে ছাত্ৰী চয়নিকা দাসে । ইফালে ভৱিষ্যতে এগৰাকী প্ৰাধ্যাপক হোৱাৰ সপোন চয়নিকাৰ ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details