ডিজিটেল মাধ্যমেৰে হ’ব দেশৰ লোকপিয়ল: অমিত শ্বাহ - লোকপিয়ল সঞ্চালকালয় ভৱন
আমিনগাঁৱত লোকপিয়ল সঞ্চালকালয় ভৱন উদ্বোধন দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ (Amit Shah inaugurates new building of directorate of census)। নৱনিৰ্মিত লোকপিয়ল ভৱনটো সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ষ্টোৰ আৰু স্কেনিং কেন্দ্ৰ হিচাপে ব্যৱহৃত কৰা হ’ব । লগতে লোকপিয়লৰ আয়ুক্ত কাৰ্যলয়ৰ ৱেব চাইট এটাও মুকলি কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে । ক’ভিড-19 ৰ বাবে দুবছৰে স্থগিত হৈ থকা লোকপিয়ল এইবাৰ ডিজিটেল মাধ্যমেৰে কৰা হ’ব (Digital census in India) বুলি জনালে অমিত শ্বাহে ৷