Rangali Bihu 2022: ধেমাজিত পৰম্পৰা ৰক্ষা কৰি ঘৰে ঘৰে জেং বিহু - Rangali Bihu celebrations in Dhemaji
"চ'তে গৈয়ে গৈয়ে বহাগে পালেহি গছৰ ডালত বিনালে ঐ কুলি, জীয়ৰী-বোৱাৰী ওলাই ঐ আহিছোঁ বিহুকে মাৰোগৈ বুলি" উজনিৰ পৰা নামনিলৈ চৌদিশে এতিয়া ঢোল,পেঁপা,গগনাৰ মাতে ৰজনজনাইছে বিহুৰ বাকৰি তথা অসমীয়াৰ চোতাল (Rangali Bihu celebrations in Dhemaji) ৷ ৰঙালীৰ পাৰভঙা উচাহত ডুব গৈছে বিভিন্ন জাতি জনগোষ্ঠীয় চহা অসমীয়া ৰাইজ । প্ৰতিবছৰে অনুষ্ঠিত কৰি অহা গাঁৱৰ মহিলা সকলৰ জেং বিহু জোৰা ওলাইছে গৃহস্থৰ চোতাললৈ ৷ বিগত বৰ্ষসমূহৰ দৰে এইবাৰো ধেমাজি সদৰৰ খুৱলীয়া গাঁৱৰ মহিলা সকলে জেং বিহু পৰিবেশন কৰিছে গৃহস্থৰ চোতালে চোতালে ৷ জাক জাক বিহু নামৰে মুখৰিত হৈ পৰিছে বিহুতলী ৷