দিন দুপৰতে টীয়কত চোৰৰ চফাই অভিযান - Thieves looted teacher residence
টীয়কত দিন দুপৰতে সংঘটিত হৈছে চুৰি কাণ্ড(Theft in Teok) । টীয়কৰ কানুপুখুৰীত পেগোদা বৰবৰা নামৰ এগৰাকী শিক্ষয়ত্ৰীৰ ঘৰত মানুহ নথকাৰ সুযোগ লৈ চোৰে চুৰ কৰি লৈ যায় লক্ষাধিক টকাৰ সা-সামগ্ৰী(Thieves looted teacher residence)। জানিব পৰা মতে দিনৰ ভাগত ঘৰৰ পাছফালৰ দৰ্জাৰ তলা ভাঙি আলমিৰাৰ পৰা নগদ সাঁত হাজাৰ টকা, দুডাল সোণৰ চেইন আৰু পাঁচটাকৈ সোণৰ আঙুঠিকে কাণফুলি লুটি নিয়ে চোৰে । পৰৱৰ্তী সময়ত ঘটনাস্থলীত টীয়ক আৰক্ষীৰ এটা দল উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । উল্লেখযোগ্য যে কিছু দিনৰ পূৰ্বে বাসগৃহটোৰ সমীপৰ আন এখন দোকানতো নিশা চোৰে চলাইছিল লুটপাত ।মঙলবাৰে একেস্থানতে পুনৰ চুৰিকাণ্ড সংঘটিত হোৱাত অঞ্চলটোৰ জণসাধাৰণ শংকিত হৈ পৰিছে ৷ সেয়েহে অঞ্চলটোত নিশা পহৰাৰ ব্যৱস্থা কৰিবৰ বাবে অঞ্চলটোৰ ৰাইজে আৰক্ষীক জনাইছে আহ্বান ।