বিয়াৰ মণ্ডপত কইনাই দৰাক সোধালে পূৰ্ণহতীয়া চৰ - বিয়াত কইনাই দৰাক চৰিওৱাৰ দৃশ্য এতিয়া ভাইৰেল
উত্তৰ প্ৰদেশৰ হামিৰপুৰ এখন বিয়াত কইনাই দৰাক চৰিওৱাৰ দৃশ্য এতিয়া ভাইৰেল হৈ পৰিছে (bride slaps groom in hamirpur) ৷ বৰমালা প্ৰদানৰ সময়তে কইনাগৰাকীয়ে দৰাক অতৰ্কিতে কৰা আক্ৰমণে স্তম্ভিত কৰি তুলিলে উপস্থিত সকলোকে ৷ এই ঘটনাৰ পিছতে বৰমালা প্ৰদান অনুষ্ঠানৰ পৰা দূৰলৈ গুচি যায় কইনা ৷ ইয়াৰ পিছত দৰা-কইনা দুয়োৰে পক্ষৰ মাজত এই সন্দৰ্ভত ওৰে নিশা যুক্তি তৰ্ক হয় ৷ ঘটনাস্থলীত উপস্থিত হ’ব লগীয়া হ’ল আৰক্ষীও অৱশ্যে,পুৱালৈ দুয়ো পক্ষ বিবাহ অনুষ্ঠান সম্পূৰ্ণ কৰাৰ বাবে ৰাজী হয় (hamirpur wedding ceremony ) ৷ জানিব পৰা গৈছে যে, কইনা প্ৰস্তুত নোহোৱাকৈয়ে বৰমালা প্ৰদান কৰাৰ বাবেই এইদৰে ক্ৰোধিত হৈছিল কইনাগৰাকী ৷