অসম

assam

ETV Bharat / videos

ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভীতিগ্ৰস্ত কৰিছে চেঙাজানবাসীক

By

Published : Aug 28, 2022, 11:28 AM IST

চেঙাজানত চপৰা চপৰে খহিছে ব্ৰহ্মপুত্ৰৰ গৰা (Brahmaputra River Erosion at Jonai) । নদীৰ বুকুত জাহ গৈছে ঘৰ-দুৱাৰ, শিক্ষানুষ্ঠান তথা ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠান । ১১৪ নং জোনাই বিধানসভা সমষ্টিৰ চেঙাজানত বিধ্বংসী ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰই (Massive erosion in Chengajan) । ধেমাজি জিলাৰ জোনাই মহকুমা অন্তৰ্গত চমকং পঞ্চায়ত আৰু চিলাপথাৰৰ চিমেনমুখ পঞ্চায়ত দুখনৰ জনতাক ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই নিদ্ৰা হৰণ কৰি আহিছে প্ৰতিবছৰে । ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই বছৰ বছৰ ধৰি দুখন পঞ্চায়তৰ নৈপৰীয়া প্ৰায় ৩০খন গাঁৱৰ লগতে চেঙাজান অঞ্চলৰ বৃহৎ ৰাইজৰ বিভিন্ন মূল্যৱান গছ-গছনিৰ লগতে নদীত জাহ গৈছে ঘৰ-দুৱাৰ, ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে বিভিন্ন শিক্ষানুষ্ঠান (Massive erosion in Chengajan) । এই গৰাখহনীয়াৰ সমস্যাৰ স্থায়ী সমাধান বিচাৰি স্থানীয় জনপ্ৰতিনিধিকে আদি কৰি প্ৰশাসনক বহুবাৰ আবেদন-নিবেদন কৰাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ভুক্তভোগী ৰাইজে । গতিকে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী তথা বিভাগীয় মন্ত্ৰীক পৰিদৰ্শন কৰি এই গৰাখহনীয়া‌ সমস্যা অতি শীঘ্ৰে সমাধান কৰিবলৈ আহ্বান জনাইছে খহনীয়াগ্ৰস্ত ৰাইজে ।

ABOUT THE AUTHOR

...view details