অসম

assam

ETV Bharat / videos

Boat sinks in Brahmaputra: ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুত বুৰ গ’ল মালবাহী নাও - যন্ত্ৰচালিত মালবাহী নাওখন প্ৰচণ্ড ধুমুহাৰ সন্মুখীন হৈ বুৰ যায়

By

Published : Jul 23, 2022, 10:05 PM IST

ধুবুৰীত ভয়ংকৰ নাও দুৰ্ঘটনা (Boat accident in Dhubri)। প্ৰচণ্ড ধুমুহাৰ ফলত ব্ৰহ্মপুত্ৰৰ বুকুত বুৰ গ’ল এখন মালবাহী যন্ত্ৰ চালিত নাও (Boat sinks in Brahmaputra)। ফলত নষ্ট হ’ল কেইবা লক্ষাধিক টকাৰ সা সামগ্ৰী । শনিবাৰে বিয়লিৰ ভাগত হঠাৎ উঠি অহা প্ৰচণ্ড ধুমুহাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় ৷ ধুবুৰীৰ পঞ্চঘাটৰ পৰা হাটশিঙিমাৰী অভিমুখে ৰাওনা হোৱাৰ সময়তে কালাম নামৰ এজন নাওৰীয়াই চলোৱা যন্ত্ৰচালিত মালবাহী নাওখন প্ৰচণ্ড ধুমুহাৰ সন্মুখীন হৈ নদীত বুৰ যায় ৷ ফলত নাওখনত থকা লক্ষাধিক টকাৰ আলু পিয়াঁজ আৰু কাপোৰৰ উপৰিও আন বিভিন্ন সামগ্ৰী পানীত উটি যায় ৷ অৱশ্যে এই দুৰ্ঘটনাত কোনো লোকৰ একো ক্ষয় ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

...view details