কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাক অশুভ শক্তি আখ্যা ভৱেশ কলিতাৰ - কংগ্ৰেছ এআইইউডিএফৰ মিত্ৰতা
খালী হ’বলগীয়া ৰাজ্যসভাৰ আসনকলৈ(Vacant Rajya Sabha seats in Assam) তৎপৰ হৈ পৰিছে শাসক-বিৰোধী দলসমূহ । আসন্ন ৰাজ্যসভাৰ নিৰ্বাচনকলৈ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাক আখ্যা দিলে অশুভ শক্তি হিচাপে (Bhabesh Kalita on Rajyasabha Election) । মাইনাছে মাইনাছে প্লাছ বুলি বিৰোধী দল দুটাক কটাক্ষ কৰি তেওঁলোকৰ অংক নিমিলে বুলি মত প্ৰকাশ কৰে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে । কংগ্ৰেছ আৰু এআইইউডিএফ দুয়োটা দলক সাম্প্ৰদায়িক বুলি ক্ষুৰধাৰ সমালোচনা কৰি ভৱেশ কলিতাই বিজেপি নেতৃত্বাধীন মিত্ৰদলৰ প্ৰাৰ্থীয়েই জয়ী হ’ব বুলি দাবী কৰে ৷