অসম

assam

ETV Bharat / videos

অখিল গগৈক সদনৰ নীতি-নিয়ম অধ্যয়নৰ পৰামৰ্শ ভৱেশ কলিতাৰ - MLA Akhil Gogoi

By

Published : Sep 16, 2022, 5:12 PM IST

শাসকীয় দলে বিধানসভাত বিৰোধীক প্ৰশ্ন কৰাৰ সুযোগ নিদিয়ে বুলি কৰা অভিযোগৰ উত্তৰ দিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই (Bhabesh Kalita on opposition)। তেওঁ কয় যে, বিধান সভাৰ মজিয়া এক পৱিত্ৰ স্থান । য'ত বিধানসভাৰ নীতি-নিয়মেৰে পৰিচালনা হয় সমস্ত কাম-কাজ । গতিকে ১২৬ টা সমষ্টিৰ জনপ্ৰতিনিধিয়ে নিয়মৰ মাজেৰে নিজৰ প্ৰশ্ন তুলিব পাৰে । লগতে বৰ্তমান বিধানসভাৰ অধ্যক্ষই সুন্দৰভাবে কাম-কাজ আগবঢ়াই নি আছে বুলি কৈ বিধানসভাত শাসকীয় দলে বিৰোধী দলৰ সদস্যক প্ৰশ্ন তুলিব নিদিয়ে বুলি কৰা অভিযোগ সম্পূৰ্ণ নস্যাৎ কৰে ভৱেশ কলিতাই (BJP state president Bhabesh Kalita)। আনহাতে অখিল গগৈ সন্দৰ্ভত মন্তব্য কৰি ৰঙিয়া সমষ্টিৰ বিধায়ক গৰাকীয়ে কয় যে, অখিল গগৈ কোন দলৰ বিধায়ক সেয়া তেওঁ নাজানে (Bhabesh Kalita on Akhil Gogoi) ৷ কিন্তু অখিল গগৈ এজন বিধায়ক, সেয়ে বিধান সভাৰ সন্মান অক্ষুন্ন ৰাখিব লাগে (Bhabesh Kalita criticizes Akhil gogoi)। অখিল গগৈয়ে বিধানসভাৰ নিয়মবোৰ অধ্যয়ন কৰা উচিত ।

ABOUT THE AUTHOR

...view details