অসম

assam

ETV Bharat / videos

বিহপুৰীয়াত অনুষ্ঠিত বিজেপিৰ অসম ৰাজ্যিক অনুসূচীত জনজাতি মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা - Scheduled Tribes Morcha

By

Published : Aug 22, 2022, 10:00 PM IST

আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে বিহপুৰীয়াৰ জনজাতি কৃষ্টি বিকাশ কেন্দ্ৰত অনুষ্ঠিত হৈছে ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক অনুসূচীত জনজাতি মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা (BJP Assam Scheduled Tribes Morcha State Executive Meeting) ৷ ৰাজ্যৰ প্ৰতিখন জিলাৰ তিনিশ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা কাৰ্যনিৰ্বাহক সভাখন আজি বিয়লি পতাকা উত্তোলনেৰে আৰম্ভ কৰে অনুসূচীত জনজাতি মৰ্চাৰ ৰাজ্যিক সভাপতি শিৱনাথ বহ্মই (Scheduled Tribes Morcha) ৷ ইয়াৰ পাছতে ৰাজ্যিক অনুসূচীত জনজাতি মৰ্চাৰ সভাপতি শিৱনাথ ব্ৰহ্মৰ সভাপতিত্বত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হয় ৷ সভাত ৰাষ্ট্ৰীয় জনজাতি মৰ্চাৰ সম্পাদক কালিৰাম মাঝি প্ৰমুখ্য বহুসংখ্যক জনজাতীয় নেতাই অংশগ্ৰহণ কৰে ৷ ইফালে এই সভাত কাইলৈ অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰিব ৷

ABOUT THE AUTHOR

...view details