নাৰায়ণপুৰত বিহু কৰ্মশালাৰ সফল সামৰণি - কৰ্মশালা
নঙলা মুখত অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু । ৰাজ্যৰ চৌদিশে চলিছে এতিয়া হেঁপাহৰ ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি । ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নাৰায়ণপুৰৰ গাঁৱে-ভূঁঞে বিহু কৰ্মশালাৰে চেনেহৰ বিহুটিক আদৰাৰ প্ৰস্তুতি চলাইছে ৷ বাগদেৱী সংগীত বিদ্যালয় আৰু আৰ্টিষ্টিক ডেন্স একাডেমীৰ উদ্যোগত আয়োজন কৰা দহদিনীয়া বিহু কৰ্মশালাৰ দেওবাৰে সফল সামৰণি পৰে । ৰঙালী বিহুক আদৰণি জনোৱাৰ উদ্দেশ্যেৰে আয়োজন কৰা কৰ্মশালাখনত বিহুৰাণী জোন দলে আৰু স্থানীয় ঢোলবাদক পাপু বৰাই প্ৰশিক্ষণ প্ৰদান কৰে । অঞ্চলটোৰ শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাখনৰ সামৰণি অনুষ্ঠানত বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক নৃত্য প্ৰদৰ্শন কৰা হয় ।