অসম

assam

ETV Bharat / videos

সান্ধ্য আইন ভংগ কৰি কাকীত অনুষ্ঠিত বিহুৰ অনুষ্ঠান - বিহু

By

Published : Apr 29, 2021, 6:54 AM IST

Updated : Apr 29, 2021, 8:46 AM IST

কৰ'ণাৰ ভয়াৱহ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে মঙলবাৰৰ পৰা জাৰি কৰিছে সান্ধ্য আইন ৷ প্ৰতিখন জিলাৰ প্ৰশাসনলৈ নিৰ্দেশ প্ৰেৰণ কৰাৰ পাচতে সৰ্বত্ৰে বলৱৎ হৈছে সান্ধ্য আইন ৷ কিন্তু মঙলবাৰে নিশাই হোজাইৰ কাকীত স্থানীয় ৰাইজে ভংগ কৰিলে সান্ধ্য আইনৰ লগতে ক'ভিড প্ৰট'কল ৷ 3 নং কাকীৰ পাথৰী বৰনামঘৰ শান্তিপুৰত একাংশ লোকে জাক-জমকতাৰে অনুষ্ঠিত কৰিলে বিহুৰ অনুষ্ঠান ৷ মাজ নিশালৈকে উচ্চ প্ৰাবল্যৰে সংগীতানুষ্ঠান অনুষ্ঠিত কৰাত কাকী আৰক্ষী উপস্থিত হৈ দৰ্শকসকলক ছত্ৰভংগ দিয়াৰ লগতে বাদ্যযন্ত্ৰসমূহ জব্দ কৰে ৷ একাংশ অসচেতন লোকে ডেৰাপথাৰতো কালী পূজাৰ সংগতি ৰাখি অনুষ্ঠিত কৰে জুৱা খেল ৷ সান্ধ্য আইন ভংগ কৰি জুৱা খেল অনুষ্ঠিত কৰা জুৱাৰীসকলৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজৰ মাজত সৃষ্টি হয় বিৰূপ প্ৰতিক্ৰিয়া ৷
Last Updated : Apr 29, 2021, 8:46 AM IST

ABOUT THE AUTHOR

...view details