HSLC Exam 2022 : দ্বিতীয় স্থানত উজলিল নলবাৰী ভূয়সী মেধি - দ্বিতীয় স্থান প্ৰাপ্ত ভূয়সী মেধী
আজি ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ (HSLC Exam 2022 ) ফলাফল ৷ এই পৰীক্ষাত প্ৰথম দহটা স্থানৰ ভিতৰত দ্বিতীয় স্থান দখল কৰে নলবাৰী লিটিল ফ্লাৱাৰ স্কুলৰ ভূয়সী মেধিয়ে (Bhuyashi Medhi secure 2nd rank in hslc exam 2022)। ডাঃ বিৰেন্দ্ৰ নাথ মেধী আৰু তুলিকা মেধিৰ কন্যা ভূয়সী ৷ ভৱিষ্যতে পিতৃৰ আদৰ্শ অনুসৰণ কৰি চিকিৎসক হোৱাৰ লক্ষ্য ভূয়সীৰ ৷ এই ফলাফলত নলবাৰীৰ ৪ জনকৈ ছাত্ৰ-ছাত্ৰীয়ে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে ৷ ভূয়সীয়ে লাভ কৰিছে মুঠ ৫৯৬ নম্বৰ ।