বালিপাৰাৰ বোকাগাঁৱত পৰম্পৰাগত ভাগৱত শোভাযাত্ৰা - পৰম্পৰা অটুট ৰাখে ভক্তপ্ৰাণ ৰাইজে
শুক্ৰবাৰে গোঁসাই বিহু । এই উপলক্ষে গোঁসাই বিহুৰ দিনা বালিপৰাৰ বোকাগাঁৱৰ ভক্তপ্ৰাণ ৰাইজে উলিয়াই ভাগৱত শোভাযাত্ৰা । বোকাগাঁও উন্নয়ন সমিতিৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবেলিও ভাগৱত শোভাযাত্ৰাৰে পৰম্পৰা অটুট ৰাখে ভক্তপ্ৰাণ ৰাইজে । পুৱাৰেপৰা গাঁওখনত বিৰাজ কৰে এক উদুলি-মুদুলি পৰিৱেশ । ঐতিহাসিক নামঘৰত দবা-কাহ, খোল-তালৰ শব্দ, আয়তিৰ উৰুলি আৰু হৰি নামেৰে মুখৰিত হৈ পৰে সমগ্ৰ অঞ্চল । পদূলিয়ে পদূলিয়ে ৰৈ গঞা ৰাইজে ভাগৱতৰ পদধূলা গ্ৰহণ কৰি আশীৰ্বাদ গ্ৰহণ কৰা পৰিলক্ষিত হয় ।