বাইহাটা চাৰিআলিৰ এম বজাৰত ভংগ ক'ভিড প্ৰট’কল - ক'ভিড 19
কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত উদ্বেগজনক কাণ্ড । সমগ্ৰ ভাৰতবৰ্ষ কৰ'ণাৰ কৰাল গ্ৰাসত পৰাৰ সময়তে বাইহাটা চাৰিআলিস্থিত এম বজাৰত দেখিবলৈ পোৱা গৈছে গ্ৰাহকৰ ব্যাপক ভিৰ ৷ বজাৰ কৰিবলৈ অহা গ্ৰাহক সকলে ভংগ কৰিছে ক'ভিড প্ৰটকল ৷ ৰাইজৰ মাজত ক'ভিড 19 ৰ নাই কোনো সজাগতা,মুখত নাই মাস্ক,নাই কোনো সামাজিক দূৰত্ব ৷ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ ভিতৰত সমাগম হৈছে শতাধিক লোকৰ ৷ শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধজনলৈ সকলোৱে ক'ভিড প্ৰটকল ভংগ কৰি কৰিছে বজাৰ ৷ এই দায়িত্বজ্ঞানহীন লোকৰ কাণ্ডত এতিয়া চিন্তিত হৈ পৰিছে অঞ্চলটোৰ সচেতন ৰাইজ ৷ আৰক্ষী বিভাগ তথা প্ৰশাসনেও এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷