Azadi Ka Amrit Mahotsav, বিহপুৰীয়াত ট্ৰেক্টৰত উঠিল বিধায়ক অমিয় ভূঞা - Azadi ka Amrit Mahotsav
স্বাধীনতাৰ গৌৰৱোজ্জ্বল 75 বছৰ উপলক্ষে দেশজুৰি আয়োজন কৰা আজাদী কা অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি বৃহস্পতিবাৰে বিহপুৰীয়া বিধানসভা সমষ্টিটো বিজেপিৰ লখিমপুৰ জিলা কৃষক মৰ্চাৰ উদ্যোগত এক বিশাল ট্ৰেক্টৰ ৰেলী বাহিৰ কৰা হয় (Har Ghar Tiranga) । বিহপুৰীয়াৰ নগৰৰ পৰা উলিওৱা এই ট্ৰেক্টৰ ৰেলীত কৃষক মৰ্চাৰ বিহপুৰীয়া নগৰ মণ্ডল, বিহপুৰীয়া গ্ৰাম্য মণ্ডল, নাৰায়ণপুৰ নগৰ মণ্ডল আৰু কৰুণাবাৰী মণ্ডলৰ সহযোগত উলিওৱা এই ৰেলীত স্থানীয় বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাই ভাগ লয় (Tiranga rally organized in Lakhimpur) ৷ এই বিশাল ট্ৰেক্টৰ ৰেলীত অংশলৈ বিধায়কগৰাকীয়ে 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীক লৈ সমগ্ৰ ৰাজ্যবাসীৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে বুলি মন্তব্য কৰে (Tractor Rally at Lakhimpur) ৷ কৃষক মৰ্চাৰ দ্বাৰা আয়োজিত এই ৰেলীৰ যোগেদি মৰ্চাৰ বিষয়ববীয়াসকলে সমষ্টিটোৰ বিভিন্ন প্ৰান্তলৈ গৈ জনসাধাৰণ মাজত "ঘৰ ঘৰ ত্ৰিৰংগা"ৰ প্ৰচাৰ প্ৰসাৰৰ লগতে সজাগতা বৃদ্ধিৰ প্ৰয়াস কৰে । উক্ত ৰেলীত লখিমপুৰ জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱাৰ লগতে কৃষক ৰাইজ আৰু দলীয় বিষয়ববীয়াসকলে অংশ লয় ।
Last Updated : Aug 13, 2022, 12:14 PM IST