এতিয়া আৰু কংগ্ৰেছ নচলে সেয়ে সকলোৱে কংগ্ৰেছ এৰিছে: অতুল বৰা - অসম গণ পৰিষদ
এতিয়া আৰু কংগ্ৰেছ নচলে সেয়ে সকলোৱে কংগ্ৰেছ এৰিব বিচাৰিছে । প্ৰদেশ কংগ্ৰেছৰ নেতাসকলে নেতৃত্ব দিয়াত ব্যৰ্থ হৈছে ৷ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই(Former State Congress president Ripun Bora) কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ পাছতে বহুকেইজন কংগ্ৰেছ নেতা কমদিনৰ ভিতৰতে দল ত্যাগ কৰি অসম গণ পৰিষদ দলত যোগদান কৰা বিষয়টোয়ে ৰাজনৈতিক মহলত চৰ্চা চলি থকা মৰাণত বৃহস্পতিবাৰে এই মন্তব্য কৰে অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই(Atul Bora reacts on Congress leader joining in AGP) ৷ মৰাণত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱা মন্ত্ৰীগৰাকীয়ে(MLA Atul Bora) প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে অসম গণ পৰিষদক লৈ অপপ্ৰচাৰ কৰাৰো অভিযোগ কৰে । কংগ্ৰেছ নেতা অসম গণ পৰিষদলৈ অহা বিষয়টো সংবাদ মাধ্যমতহে শুনা বুলি কয় অগপৰ সভাপতিগৰাকীয়ে ।