অসম

assam

Cable লৈ পৰিৱৰ্তন কৰা হ’ব ৰাজ্যৰ বিদ্যুৎ পৰিবাহী তাঁৰ

By

Published : Jul 27, 2021, 6:39 AM IST

"শীঘ্ৰে অসম শক্তি বিতৰণ বিভাগত হ'ব এক পৰিবর্তন ৷ ৰাজ্যৰ বিদ্যুত পাৰিবাহী তাঁৰ সমূহক কেবল(Cable)লৈ সলনি কৰাৰ যো-জা কৰি আছে অসম চৰকাৰে ৷ অসম শক্তি বিতৰণ কোম্পানীৰ বিদ্যুৎ প্ৰবাহিত তাঁৰ সমূহ পৰ্যায় ক্ৰমে কেবল(Cable) লৈ পৰিবৰ্তন কৰা হ'ব ৷ ইতিমধ্যে অসমৰ 26 হাজাৰ খন গাঁৱত কেবলৰ কাম আৰম্ভ কৰিছে বিভাগটোৱে ৷ বিদ্যুৎ বিভাগটোক আধুনিকীকৰণৰ যথেষ্ট প্ৰয়োজন আছে"-এই মন্তব্য অসম চৰকাৰৰ শক্তি মন্ত্ৰী বিমল বড়াৰ ৷ সোমবাৰে বাইহাটা চাৰিআলিৰ অসম শক্তি বিতৰণ কোম্পানীৰ উপ-সংমণ্ডলত উপস্থিত হৈ বিভাগীয় বিষয়ববীয়া সকলৰ লগত বিতং ভাৱে আলোচনা কৰি এই কথা ব্যক্ত কৰে শক্তি মন্ত্ৰী বিমল বড়াই ৷ আনফালে শক্তি বিতৰণ কোম্পীনত অস্থায়ীভাৱে কৰ্মৰত কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়া কৰণৰ বিষয়ে সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে ভৱিষ্যতে শক্তি বিতৰণ কোম্পানীৰ লাভাংশ উন্নত হ’লে কৰ্মচাৰী সকলক নিয়মীয়া কৰা হ'ব বুলিও মন্তব্য প্ৰকাশ কৰে ৷

ABOUT THE AUTHOR

...view details