আঠখেলীয়া নামঘৰৰ গেটৰ তলা খুলি ঘোষা জুৰিলে আৰক্ষীয়ে - আঠখেলীয়া নামঘৰত অসম আৰক্ষীৰ প্ৰাৰ্থনা সভা
শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ সমিতি দুখনৰ সুমতি ঘূৰি আহক, তাৰে কামনাৰে মঙলবাৰে পুৱাই শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ গুৰুজনাৰ থাপনাৰ ওচৰত প্ৰাৰ্থনা কৰিলে অসম আৰক্ষীয়ে (Athkhelia Namghar Controversy) । উল্লেখ্য যে, গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰৰ পৰিচালনা সমিতিৰ ক্ষমতাকেন্দ্ৰিক সংঘাতৰ ফলত সোমবাৰে নামঘৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়(Athkhelia Namghar committee)। পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত নামঘৰৰ চৌহদত বৃহৎ সংখ্যক আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ লগতে দণ্ডাধীশ আৰু এগৰাকী অতিৰিক্ত উপায়ুক্ত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া হয়(Tense situation at Athkheliya Namghar) ৷