উত্তৰ প্ৰদেশ-মধ্য প্ৰদেশৰ মডেল চলিছে অসমত : ৰাণা গোস্বামী
বটদ্ৰৱা আৰক্ষী থানা আক্ৰমণৰ ঘটনাৰ (Batadrva police station burnt) তদন্ত কৰিবলৈ উচ্চ ন্যায়ালয়ৰ কৰ্তব্যৰত ন্যায়াধীশৰ নেতৃত্বত তদন্ত কমিটি গঠনৰ দাবী কংগ্ৰেছৰ । সোমবাৰে নগাঁৱৰ বটদ্ৰৱাত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ এটা সঁজাতি দল (Congress members visits Batadrava) । অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ নেতৃত্বত যোৱা এটা সঁজাতি দলে বটদ্ৰৱা আৰক্ষী থানা পৰ্যবেক্ষণ কৰি সংবাদ মাধ্যমৰ সন্মুখত বহুকেইটাও মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে । নগাঁৱত ইছলামিক উগ্ৰপন্থী সংগঠনৰ সক্ৰিয়তা সন্দৰ্ভত ৰাণা গোস্বামীয়ে কয় যে, এই ক্ষেত্ৰত অসম আৰক্ষীৰ চোৰাং চোৱা ব্যৰ্থ হৈছে ।
Last Updated : May 23, 2022, 8:14 PM IST