অসম

assam

ETV Bharat / videos

Medical camp at Kampur: অসম আৰক্ষী সন্থাৰ উদ্যোগত কামপুৰত চিকিৎসা শিবিৰ - Assam Police Association organises medical camp

By

Published : Jul 9, 2022, 6:36 PM IST

ভয়াবহ বানৰ পাছত ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ প্ৰকোপ(Outbreak of Japanese encephalitis in Assam)। ৰাজ্য়খনৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ নগাঁও জিলাৰ কামপুৰতো এই ৰোগৰ প্ৰকোপ বৃদ্ধি হোৱা বুলি জানিব পৰা গৈছে । ইতিমধ্য়ে কামপুৰতো এজন লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ বৰ্তমান গুৱাহাটীত চিকিৎসাধীন হৈ আছে । তাৰোপৰি বান বিধ্বস্ত কামপুৰত বানৰ প্ৰকোপ হ্ৰাস পোৱাৰ পাছত দেখা দিছেন ন ন ৰোগে । ইয়াৰ মাজতে এইসমূহ ৰোগ প্ৰতিৰোধৰ বাবে সহায়ক হোৱাকৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে সদৌ অসম আৰক্ষী সন্থাই(All Assam Police Association)। সদৌ অসম আৰক্ষী সন্থাৰ উদ্যোগত মাৰোৱাৰী চিকিৎসালয়, গুৱাহাটী ড্ৰাগছ ডিলাৰ সন্থা, জালুকবাৰী নাগৰিক সমাজ, আন্তৰ্জাতিক মানৱ অধিকাৰ ফ্ৰন্ট আৰু অসম আৰক্ষী পেঞ্চনাৰ সন্থাৰ সহযোগত কামপুৰৰ মুগাছিঙিয়া গাঁৱৰ চাৰি শতাধিক বানপীড়িত লোকক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰা হয় (Free health camp at Kampur in Nagaon)। বিনামূলীয়া স্বাস্থ্য শিবিৰত স্বাস্থ্যসোৱা আগবঢ়োৱাৰ লগতে ৰোগীসকলৰ মাজত ঔষধ বিতৰণ কৰা বুলি সদৌ অসম আৰক্ষী সন্থাই সদৰি কৰিছে।

ABOUT THE AUTHOR

...view details