অসম

assam

ETV Bharat / videos

ROYAL INDIA INTERNATIONAL BEAUTY PAGEANT ৰ খিতাপ দখল অসমৰ কন্যাৰ - ইন্টাৰনেশ্যনেল বিউটি পিজেণ্টৰ খিতাপ দখল অসমৰ কন্যাৰ

By

Published : Feb 7, 2022, 12:03 PM IST

Updated : Feb 7, 2022, 1:05 PM IST

পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসম কন্যা (Assamese girl recognized Nationally) ৷ নতুন দিল্লীৰ নয়দা ৱেডিং ভিল্লাত অনুষ্ঠিত ৰয়েল ইণ্ডিয়া ইণ্টাৰনেশ্যনেল বিউটি পিজেণ্ট (ROYAL INDIA INTERNATIONAL BEAUTY PAGEANT)ৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে নগাঁও জিলাৰ কামপুৰৰ বৰষাৰাণী বৰাই (Assam girl win International beauty Contest title) । বৰষা সাংবাদিক জ্যোতিপ্ৰসাদ বৰা আৰু ৰীণামণি বৰাৰ কনিষ্ঠ কন্যা (Royal India International beauty pageant to Barsharani borah) । তেওঁৰ এই সাফল্যই সমগ্ৰ অসমৰ লগতে নগাঁও জিলাৰ কামপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ প্ৰায় ৯০০ গৰাকী প্ৰতিযোগীৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয় বৰষাৰাণী বৰাই । ৰাষ্ট্ৰীয় পৰ্যায়ত সাফল্য লাভ কৰাৰ পাছত বৰষা নিজ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে বিভিন্ন শুভাকাংখীৰ লগতে ৰহা সমষ্টিৰ সমাজসেৱক উত্তমচন্দ্ৰ দাসে আদৰণি জনায় ৷
Last Updated : Feb 7, 2022, 1:05 PM IST

ABOUT THE AUTHOR

...view details