অসম

assam

ETV Bharat / videos

ৰাইজে নিবিচাৰিলে মথাউৰি নহয় : মুখ্যমন্ত্ৰী - চাংসাৰিৰ মুখ্যমন্ত্ৰীৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন

By

Published : Jun 22, 2022, 10:31 AM IST

মঙলবাৰে চাংসাৰিত উপস্থিত হৈ আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(Assam CM visits flood Shelter Camp in Changsari) ৷ আশ্ৰয় শিবিৰত বানাক্ৰান্তই পৰ্যাপ্ত পৰিমাণৰ সা-সুবিধা লাভ কৰিছে নে নাই তাৰো বুজ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইফালে, বান সাহায্য প্ৰদানৰ ক্ষেত্ৰত কোনো বিষয়া-কৰ্মচাৰীয়ে হেমাহী কৰিছে নেকি তাৰ ওপৰত সম্পূৰ্ণ নজৰ ৰখা হৈছে বুলি সংবাদমাধ্যমযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে ৷ তেওঁ কয় যে, ৰাইজে নিবিচাৰিলে মথাউৰি নহয়, বেছিভাগ বানাক্ৰান্তই মথাউৰিৰ বিৰোধিতা কৰিছে । মথাউৰি উঠাই দিয়াৰ দাবী তুলিছে একাংশ বানাক্ৰান্তই । মথাউৰি থকা বাবেহে বান সমস্যা অধিক ভয়াৱহ হোৱা বুলি নৈপৰীয়া ৰাইজে মুখ্যমন্ত্ৰীগৰাকীৰ ওচৰত ব্যক্ত কৰে ৷ যিহেতু অক্টোবৰ মাহলৈকে ভগ্ন অংশত পানী থাকিব সেয়ে নবেম্বৰ মাহৰ পৰা যিবোৰ অঞ্চলৰ ৰাইজে মথাউৰি বিচাৰিব সেইবোৰ অঞ্চলৰ মথাউৰিসমূহ নিৰ্মাণ কৰা হ'ব বুলি সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details