Maharashtra political crisis: মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কক সংগ দিছে পীযুষ-পল্লৱ-সুশান্ত-জয়ন্ত মল্লই
শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ চিন্দেৰ নেতৃত্বত মহাৰাষ্ট্ৰৰ 40 গৰাকী বিধায়কক লৈ গুৱাহাটীৰ ৰেডিচন ব্লুত আৰম্ভ কৰিছে ৰাজনীতিৰ অংক (Maharashtra political crisis)। আগন্তুক তিনি দিনলৈ বিধায়ককসকলক ৰেডিচন ব্লুত ৰখা হ’ব বুলি জানিব পৰা গৈছে (Rebel Sena MLAs moved to Guwahati) । বৰ্তমান ৰেডিচন ব্লুত মহাৰাষ্ট্ৰৰ এই বিধায়ককসকলক সৈতে এখন বৈঠক অনুষ্ঠিত কৰা হৈছে, য'ত উপস্থিত আছে বিজেপিৰ সাংসদ পল্লৱ লোচন দাস, বিধায়ক সুশান্ত বৰগোঁহাই, মন্ত্ৰী পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱাকে আদি কৰি কেইবাজনো বিজেপি নেতা(Assam BJP leaders Conference with Maharashtra MLAs) ৷ জানিব পৰা মতে কিছু সময় পিচত এই বৈঠকত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকাৰ সম্ভাৱনা ৷