Worker missing in Arunachal Pradesh: অৰুণাচলত কাম কৰিবলৈ গৈ সন্ধানহীন মাণিকপুৰৰ শ্ৰমিক - worker from Manikpur is still missing in Arunachal Pradesh
অৰুণাচল প্ৰদেশত কাম কৰিবলৈ যোৱা অসমৰ ১৯ জনকৈ শ্ৰমিকৰ ভিতৰত (19 workers missing on Indo China border) মানিকপুৰৰ ভাণ্ডাৰা গাৱৰ ওৱাজেদ আলী নামৰ শ্ৰমিকজনৰ আজিপৰ্যন্ত কোনো সন্ধান ওলোৱা নাই । বিগত ১মে’ত কামৰ উদ্দেশ্যে ৰেজাউল নামৰ ঠিকাদাৰৰ লগত অৰুণাচল প্ৰদেশত যায় ৷ তাৰ পিছত বিগত ৫ জুনৰ পৰা নিৰুদ্দেশ হয় ওৱাজেদ আলী (Worker from Manikpur is still missing in Arunachal Pradesh) । নিৰুদ্দেশ হোৱা ১৯ জন শ্ৰমিকৰ ভিতৰত কিছুমানক জীৱন্তে আৰু কিছুমানক মৃত হিচাপে উদ্ধাৰ কৰা হয় যদিও আজিলৈকে ওৱাজেদ আলীৰ কোনো সন্ধান ওলোৱা নাই ৷ এনে পৰিস্থিতিত সম্প্ৰতি পৰিয়ালৰ লোকসকল ভাগি পৰিছে শোকত ৷ ইফালে ভুক্তভোগীসকলে এই ১৯ জনকৈ শ্ৰমিকক অভয়াপুৰীৰ ঠিকাদাৰ ৰেজাউল কৰিমে ২০ লাখ টকাত বিক্ৰী কৰা বুলি অভিযোগ উত্থাপন কৰিছে । গতিকে এই ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নিৰুদ্দেশ হৈ থকা ওৱাজেদ আলী নামৰ শ্ৰমিক জনৰ সন্ধান উলিয়াই দিবলৈ পিতৃ মাতৃয়ে চৰকাৰক কাতৰ আহ্বান জনাইছে ।