কলিয়াবৰ মহাবিদ্য়ালয়ত নীলিম মহন্তৰ তুলিকাৰ যাদু - Nilim Mahanta at Kaliabor College
কলিয়াবৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠানলৈ মাজত মাথো কেইটিমান দিন বাকী(Golden Jubilee of Koliabar College) । তাৰেই প্ৰস্তুতিত ব্যষ্টতাৰ যেন অন্ত নাই মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী তথা মহাবিদ্যালয় কৰ্তৃপক্ষৰ । ইয়াৰ মাজতে মহাবিদ্যালয়খনত ৰঙ তুলিকাৰ মায়াজাল মেলিছে চিত্ৰশিল্পী নীলিম মহন্তই(Nilim Mahanta at Kaliabor College) । কলিয়াবৰত উপস্থিত হৈ চিত্ৰশিল্পী নীলিম মহন্তৰ টীম লিভিং আৰ্টৰ পাঁচগৰাকী চিত্ৰশিল্পীয়ে দিনে-নিশাই ৰং তুলিকাৰে মহাবিদ্যালয়খনৰ চৌহদৰ দেৱালত অংকন কৰে নয়নাভিৰাম চিত্ৰ । সোণালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠান আটকধুনীয়া কৰি তুলিবৰ বাবে মহাবিদ্যালয়ৰখনৰ ছাত্ৰ-ছাত্ৰীয়েও চৌহদৰ দেৱালসমূহত অংকন কৰে দৃষ্টিনন্দন চিত্ৰ । কলিয়াবৰৰ একমাত্ৰ উচ্চশিক্ষাৰ অনুষ্ঠান কলিয়াবৰ মহাবিদ্যালয়ত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ১৫,১৬ আৰু ১৭ মে'ত অনুষ্ঠিত কৰিব সোণালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠান । যাৰ বাবে এতিয়া মহাবিদ্যালয়খন সজাই-পৰাই তোলাত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ব্যাপক প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে ।